ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ কয়লা খণ্ডৰ যাত্ৰাক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কয়লা খণ্ডৰ যাত্ৰাক প্ৰশংসা কৰিছে। কেন্দ্রীয় কয়লা মন্ত্রী জি কিষাণ ৰেড্ডীৰ এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰি কয়, যে এই প্ৰৱন্ধটো চৰকাৰৰ পৰিৱৰ্তনশীল যাত্ৰাৰ এটা দশকৰ প্ৰতিচ্ছবি। বিগত এটা দশকত ভাৰতৰ কয়লা খণ্ডত যি অভূতপূর্ব উত্থান, সেই উত্থানক সুন্দৰৰূপে প্ৰৱন্ধটোত উল্লেখ কৰা হৈছে। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেউ সাইৰ আন এটা প্ৰৱন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় কল্যান, নিৰাপত্তা আৰু উন্নয়নে চত্তিশগড়ৰ নতুন অধ্যায়ৰ চিত্ৰনাট্য লিখিছে। এই প্ৰৱন্ধটোত জনকেন্দ্ৰীক শাসনব্যৱস্থাৰ শক্তিক প্ৰতিফলিত কৰি কিদৰে ৰাজ্য এখন উন্নয়নৰ দিশলৈ আগবাঢ়িব পাৰে সেই তথ্য সুন্দৰকৈ দাঙি ধৰিছে।