ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে

কেন্দ্রীয় মাইক্র’, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জীতন ৰাম মাঞ্জীয়ে কয় যে ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এমএছএমই পেভিলিয়ন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এমএছএমইসমূহে সমগ্র দেশতে এতিয়ালৈকে ৩০ কোটিৰো অধিক লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰিছে আৰু চৰকাৰে অহা পাঁচ বছৰত প্রায় ৬০ কোটি কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰো লক্ষ্য লৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে MSME পেভিলিয়নত ক্ষুদ্র উদ্যোগৰ প্ৰচাৰৰ বাবে চৰকাৰে প্ৰচেষ্টা লৈছে। ইয়াতে দেশৰ সাংস্কৃতিকআৰু হস্তশিল্পৰ ঐতিহ্য প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্রীমাঞ্জীয়ে লগতে কয়, যে ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা দৰে মঞ্চসমূহ হৈছে বজাৰৰ প্ৰৱেশাধিকাৰ, দক্ষতা বিকাশ, উদ্যোগৰ বিকাশক তৰান্বিত কৰাৰ উপৰিও আত্মনিৰ্ভৰশীল আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ মূল চালিকা শক্তি।