ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ আধ্যাত্মিক যাত্রা আৰু ঐতিহ্যলৈ জৈন দর্শনে আগবঢ়োৱা অৱদানক উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ স্মৰণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতৰ আধ্যাত্মিক যাত্রা আৰু ঐতিহ্যলৈ জৈন দর্শনে আগবঢ়োৱা অৱদানক স্মৰণ কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি কর্ণাটকৰ হাচান জিলাৰ শ্রাবনবেলাগোলাত জৈন ধর্মগুৰু আচাৰ্য্য শান্তি সাগৰ মহাৰাজৰ স্মাৰক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেওঁ সংগম আৰু সংগম পৰৱৰ্তী সময়ৰ তামিল সাহিত্যলৈ জৈন মুনি আৰু পণ্ডিতসকলে আগবঢ়াই যোৱা অমূল্য অৱদানক সোৱৰণ কৰে। জৈন দৰ্শনৰ অহিংস নীতি, আত্মসংযম আৰু ত্যাগৰ আদৰ্শই ভাৰতীয় সমাজৰ আধ্যাত্মিক পৰিকাথামো নির্মাণ কৰা বুলি শ্ৰীৰাধাকৃষ্ণণে প্রকাশ কৰে। জৈন আচার্য শান্তি সাগৰ মহাৰাজৰ সন্দৰ্ভত তেওঁ কয় যে আচাৰ্য্যগৰাকীৰ অভ্যন্তৰীণ শান্তি আৰু আত্মপৰিত্ৰাণৰ নীতিয়ে সকলোকে প্ৰেৰণা যোগাই আহিছে। মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্রগুপ্ত মৌৰ্য্যই তেওঁৰ জীৱনৰ শেষৰ দিনকেইটা কিদৰে বস্তুবাদী সুখ ত্যাগ কৰি শ্রাবনবেলাগোলাত কটাইছিল, সেই কথা উপৰাষ্ট্ৰপতিগৰাকীয়ে স্মৰণ কৰে। তেওঁ কয় যে বিশ্ব সম্প্রতি যুদ্ধ আৰু সংঘাটৰ দিশলৈ গতি কৰাৰ সময়ত জৈন দৰ্শনৰ শান্তি আৰু সমন্বয়ৰ শিকনিয়ে সমাজলৈ অৰ্থবহ বাৰ্তা দিব পাৰে। তেওঁ প্রাকৃতক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া আৰু জৈন দৰ্শনৰ সকলো ধর্মীয় পুথি ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।