ভাৰতৰ আকাশমাৰ্গত পাকিস্তানী বিমান প্ৰৱেশৰ বাবে থকা নিষেধাজ্ঞা ২৩ আগষ্টলৈ বৃদ্ধি

পাকিস্তানী বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা ২৩ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই সিদ্ধান্তই কৌশলগত দৃষ্টিকোণ আৰু সুৰক্ষা বিধি সন্দৰ্ভত দিয়া গুৰুত্বকে প্ৰতিফলিত কৰে। পাকিস্তানে নিজৰ আকাশমাৰ্গত ভাৰতীয় বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। পাকিস্তানেও ভাৰতীয় বিমানসমূহৰো নিজৰ আকাশমার্গত প্ৰৱেশৰ নিষেধাজ্ঞা ২৪ আগষ্টলৈ বৃদ্ধি কৰিছে। ইপিনে আজিৰে পৰা ২৫ তাৰিখলৈ ভাৰত-পাকিস্তান সীমান্তৰ ৰাজস্থানত হ’বলগীয়া ভাৰতীয় বায়ুসেনা বাহিনীৰ অনুশীলনৰ ক্ষেত্ৰতো ন’টেম জাৰি কৰা হৈছে। ভাৰতীয় বায়ুসেনা, ৰাজস্থানৰ বাৰমেৰৰ পৰা যোধপুৰৰ বিস্তীর্ণ এলেকা সামৰি এটা বিশাল সৈনিক অনুশীলনৰ বাবে সাজু হৈছে। উল্লেখযোগ্য যে এই এলেকাটোত অপাৰেচন সিন্দূৰৰ সময়ত ৰাজস্থানৰ বাৰমেৰ, জেইছলমেৰ, বিকানেৰ আৰু শ্ৰীগংগানগৰ জিলাক লক্ষ্য পাকিস্তানী ড্রোন আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণ পৰিলক্ষিত হৈছিল।