ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 4, 2025 7:01 PM | India-Australia

printer

ভাৰতৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াতকৈ ১৪৫ ৰানৰ অগ্ৰগতি

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিডনীত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ৬ উইকেটৰ বিনিময়ত দ্বিতীয় ইনিংছত ১৪১ ৰান সংগ্ৰহ কৰে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সামগ্ৰিকভাৱে ১৪৫ ৰানত আগবাঢ়ি আছে। দিনান্তত ৰবীন্দ্ৰ জাদেজাই ৮ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ঋষভ পণ্টে ৩৩ টা বলত ৬১ ৰান কৰে। ইয়াৰ লগে লগে পণ্ট টেষ্ট ক্রিকেটত দ্বিতীয় দ্রুত অর্ধশতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ ৰূপে পৰিগণিত হয়। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ মাটিত দ্রুত অর্ধশতক অৰ্জন কৰা ভ্ৰমণৰত খেলুৱৈৰ কৃতিত্বও অৰ্জন কৰে । অষ্ট্ৰেলিয়াৰ হৈ স্কট বোলেন্দে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই এক উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ৯ ৰানৰ পৰা খেল আৰম্ভ কৰি ১৮১ ৰানতে প্ৰথম ইনিংশ সামৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাই তিনিটাকৈ উইকেট লাভ কৰে। যশপ্রীত বুমৰা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে দুটাকৈ উইকেট দখল কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।