November 3, 2024 11:57 AM | Archery

printer

ভাৰতৰ অতনু দাসৰ ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ অতনু দাসে ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অতনু দাসে কালি ছুইজাৰলেণ্ডৰ থমাছ ৰুফৰক ৬-৪ ফলাফলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পুৰুষৰ ৰিকাৰ্ভ শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অতনু দাসে ছেমিফাইনেলত ফ্ৰান্সৰ ৰোমেন ফিচেটৰ হাতত ৪-৬ ফলাফলত পৰাজিত হয়। এই শিতানত ইটালীৰ এলেছেন্দ্ৰো পাঅ’লিয়ে সোণৰ আৰু ৰোমেনে ৰূপৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ৩১ খন দেশৰ ৩০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।