ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2024 12:22 PM | Bhupen hazarika

printer

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হয়। এই উপলক্ষে জালুকবাৰী সমাধিস্থলিত পুৱা স্মৃতি তৰ্পণ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস পালন কৰা হয়। সদৌ অসম ছাত্র সন্থায়েও শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে দীঘলীপুখুৰী পাৰত উদ্দীপনা শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দীঘলীপুখুৰী পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থলিত সন্ধিয়া ৬ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । অসম সাহিত্য সভায়েও গুৱাহাটীৰ দীঘলীপুখুৰীত সাহিত্যসভাৰ প্ৰশাসনীয় কাৰ্যালয়ৰ চৌহদত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটী নিউ আৰ্টছ প্লেয়াৰ্ছৰ উদ্যোগত বিয়লি শিল্পীগৰাকীক স্মৰণ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেজপুৰতো এই উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।