■ ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে। এই সময়ছোৱাত প্ৰতিৰক্ষা ৰপ্তানীও ২০১৪ চনৰ এহেজাৰ কোটি টকাৰ কমৰ পৰা ২৩ হাজাৰ ৬২২ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত এটা দশকত দেশৰ সামৰিক ঔদ্যোগিক ভেটিলৈ আগবঢ়োৱা নীতিগত সমৰ্থন আৰু বিপুল আবণ্টনৰ বাবেই প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদন বৃদ্ধি পোৱা বুলি কোৱা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ ৫৩ হাজাৰ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকা পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি নিৰ্মাণ আৰু ৫০ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা ৰপ্তানিৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ ফলত দেশৰ অৰ্থব্যৱস্থা সুদৃঢ় হোৱাৰ লগতে গোলকীয় প্ৰতিৰক্ষা নিৰ্মাণ কেন্দ্ৰ হিচাপে ভাৰতৰ ভূমিকাও শক্তিশালী হৈ উঠিব।
বিগত দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য গৱেষণা আৰু ভেষজ খণ্ডৰ অগ্ৰণী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত অনুষ্ঠিত NATIONAL ONE HEALTH ASSEMBLY, ২০২৫-ত এটা ভিডিঅ’ বাৰ্তাত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে উন্নত প্রযুক্তি, শক্তিশালী গৱেষণা সামৰ্থ্য আৰু দ্ৰুত বিকশিত ষ্টার্টআপ পৰিস্থিতি তন্ত্ৰই ভাৰতক উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। শ্ৰী নাড্ডাই উল্লেখ কৰে, যে ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযান হৈছে ভাৰতৰ মহামাৰী প্ৰতিৰোধ প্ৰস্তুতিৰ এটা উল্লেখনীয় উদাহৰণ। তেওঁ কয়, যে এই অভিযানৰ অধীনত ১৬ টা মন্ত্ৰালয় আৰু ৰাজ্যিক বিভাগে একেলগ হৈ মানুহ, জীৱ-জন্তু তথা পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে TRUENAT, PATHODETECT আৰু CRISPER-ৰ দৰে থলুৱা প্ৰযুক্তিসমূহত আলোকপাত কৰি কয়, যে স্বাস্থ্য প্ৰযুক্তিৰ এই বিকশিত ষ্টার্টআপসমূহে দ্ৰুত আৰু শুদ্ধভাৱে পৰীক্ষা-নিৰীক্ষা কৰোৱাত সহায় কৰিছে। শ্ৰী নাড্ডাই প্রতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ ব্যতিক্রমী নেতৃত্বৰ কথা উল্লেখ কৰি কয়, যে ভাৰতে থলুৱাভাৱে বিকশাই তোলা কোভাক্সিন, কৰ্বিভেক্স আৰু কোভিশ্বিল্ডৰ দৰে কোৱিড-১৯ৰ প্ৰতিষেধকসমূহ বিশ্বৰ ১০০ ৰো অধিক দেশলৈ যোগান ধৰিলে। ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযানৰ অংশ হিচাপে গঢ়ি তোলা ব্যৱস্থাই দুৰ্যোগ আৰু মহামাৰীৰ আগতীয়া চিনাক্তকৰণ তথা সতর্কতা জাৰিৰ জৰিয়তে স্বাস্থ্য খণ্ডৰ বিকাশত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
অনুষ্ঠানত অংশ লৈ নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ড° ভি কে পলে কয়, যে ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযানে দেশত প্ৰথমবাৰৰ বাবে গঢ়ি তোলা অতি ব্যাপক, উচ্চাকাংক্ষী আৰু ভৱিষ্যতৰ বাবে সাজু পৰিকাঠামোক প্ৰতিনিধিত্ব কৰে। তেওঁ এই অভিযানক কেৱল এটা অস্থায়ী কাৰ্যসূচী নহয়, বৰং দীৰ্ঘম্যাদী প্রতিশ্রুতিবদ্ধতা বুলি মন্তব্য কৰে।
Site Admin | November 20, 2025 4:12 PM | Akashvani | Akashvani News
ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে