ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতে ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব

ভাৰত আজি অৰুণাচল প্ৰদেশৰ গল্ডেন জুবলী ষ্টেডিয়ামত হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ’ব। গ্ৰুপ পৰ্যায়ত শ্রীলংকাক ৮-০, নেপালক ৪-০ আৰু শুকুৰবাৰে চেমিফাইনেলত মালদ্বীপক ৩-০ গলত পৰাস্ত কৰা ভাৰতীয় দল যথেষ্ট ভাল ফর্মত আছে। বাংলাদেশে বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন চেমিফাইনেলত নেপালক ২-১ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত
কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।