ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে ৮ টনৰো অধিক সাহায্য সামগ্রী বিমানযোগে লৈ যোৱাৰ লগতে বিদেশী নাগৰিক, সংকটজনক অৱস্থাত থকা ৰোগী আৰু এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি ৬৫ জন জীৱিত লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।