ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ এবিধ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে। জেনেভাত অনুষ্ঠিত ৭৮ সংখ্যক বিশ্ব স্বাস্থ্য মহাসভাত এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । ৰোগ নিৰ্মূলকৰণ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহনক্ষম প্ৰচেষ্টা আৰু সকলোৰে বাবে সু-স্বাস্থ্য নিশ্চিত কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিনস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৮ অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰে ট্ৰাক’মা ৰোগ নিৰ্মূল কৰাৰ কথা ঘোষণা কৰিছিল। এই জনস্বাস্থ্য মাইলৰ খুঁটি অতিক্ৰম কৰা ভাৰত হৈছে দক্ষিণ-পূব এছিয়াৰ তৃতীয়খন দেশ। ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় দৃষ্টিহীনতা আৰু দৃষ্টি বাধাগ্ৰস্ততা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত এই ৰোগ নিৰ্মূলকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক