ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ পুল-বিৰ এখন খেলত ওমানক ১৭-০ গ’লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলৰাজ সিঙে ৪ টা, মনমীত সিং আৰু অৰ্শদীপ সিঙে তিনিটাকৈ গ’ল দিয়ে।
ইয়াৰ পূৰ্বে ভাৰতে পুল পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত চিলিক ৭-০ গ’লত পৰাভূত কৰিছিল। দুখন খেলত ২৪ টা গ’ল দি ভাৰত সম্প্ৰতি পুল-বিৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটো চেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে। কাইলৈ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত ড্র খেলিব পাৰিলেই ভাৰতে চেমিফাইনেলত স্থান নিশ্চিত কৰিবলৈ সমৰ্থ হ’ব।
Site Admin | November 30, 2025 11:48 AM | Mens-FIH-Hockey-Junior-World-Cup-2025
ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাত ওমানক ১৭-০ গ’লত পৰাস্ত কৰে