ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নাৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে স্পষ্ট কৰি দিছে। পাকিস্তানলৈ বৈ যোৱা অতিৰিক্ত পানীভাগ ৰাজস্থানলৈ বোৱাই নিয়াৰ বাবে চৰকাৰে এটা সুৰংগ নিৰ্মাণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এখন ইংৰাজী বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ কোনো সালসলনি নহয়। চৰকাৰে কাশ্মীৰ, নক্সাল অধ্যুসিত অঞ্চল আৰু উত্তৰ-পূবৰ লগতে যিকোনো অঞ্চলৰ পৰাই সন্ত্ৰাসবাদ নোহোৱা কৰাৰ উদ্দেশ্যে সন্ত্ৰাসবাদৰ মূল কাৰণসমূহ চিনাক্ত কৰি সেই সমস্যা সমাধানৰ প্ৰয়াস চলাই আছে। তেওঁ কয়, যে ভাৰত কেৱল এখন সৰ্বশ্ৰেষ্ঠ আৰু সুৰক্ষিত ৰাষ্ট্ৰই নহয়, বৰং ই হৈছে বিশ্বৰ বাবে বিনিয়োগৰ একমাত্ৰ ৰাষ্ট্ৰ। শ্ৰী শ্বাহে কয়, যে ২০১৪ চনৰ পৰাই চৰকাৰে দেশৰ দ্ৰুত বিকাশৰ হকে কঠোৰ পৰিশ্ৰম কৰি আহিছে। ভাৰতৰ বেংকিং খণ্ডৰ সংস্কাৰ আৰু দৰিদ্ৰ লোকৰ অৰ্থনৈতিক অন্তৰ্ভুক্তি বিশ্বৰ বাবে অধ্যয়নৰ আৰ্হি হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে।
Site Admin | June 22, 2025 10:59 AM | Amit Shah
ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নাৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য
