ভাৰতে নেফিথ্ৰ’মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়’টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড° সিঙে কয়, যে এই এণ্টিবায়’টিকবিধ প্ৰতিৰোধী শ্বাস-প্ৰশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰোগীৰ ক্ষেত্ৰত অতিকে ফলপ্রসূ। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশে বৈজ্ঞানিক আৰু গৱেষণাৰ বিকাশৰ বাবে আত্ম-নিৰ্ভৰশীল হ’ব লাগিব। কৃত্রিম বুদ্ধিমত্তা আধাৰিত হাইব্রিড ভ্রাম্যমাণ চিকিৎসালয়সমূহে গ্ৰাম্য আৰু দূৰণিবটীয়া সেৱা প্ৰদান কৰি সকলোৰে বাবে গুণগত স্বাস্থ্য সুনিশ্চিত কৰা বুলি ড° সিঙে মন্তব্য কৰে। তেওঁ কয়, যে উদ্ভাৱন সমন্বয় আৰু কৰুণাৰ সংমিশ্রণে দেশক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিব।
Site Admin | October 19, 2025 1:15 PM | DR jitrendar singh | India Develops First Indigenous Antibiotic | Nafithromycin
ভাৰতে নেফিথ্ৰ’মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়’টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ প্ৰকাশ