ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছে বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি প্ৰকাশ কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত ৱৰ্ল্ড হাইড্ৰ’জেন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ভাৰতে ২০৩০ চনৰ ভিতৰত পাঁচ মিলিয়ন টন সেউজ হাইড্ৰ’জেন উৎপাদনৰ সামৰ্থ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে সেউজ হাইড্ৰ’জেন গেছে ভৱিষ্যতৰ ইন্ধন আৰু ইয়াৰ জৰিয়তে স্থানীয় চাহিদা, স্থানীয় উৎপাদন আদি সম্ভৱ হ’ব।
Site Admin | September 25, 2025 10:08 PM | Akashvani | Akashvani News | Hardeep Singh Puri
ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছেঃ হৰদীপ সিং পুৰী
