ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতে গেমিং ক্ষেত্ৰত দেশত নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ বৰ্ষৰ বাজেটৰ কথাও উল্লেখ কৰি দেশৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষণৰ বাবে আৰু দেশক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ঘোষণা কৰা বিভিন্ন ঐতিহাসিক উদ্যমৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে গেমিং ক্ষেত্ৰত দেশতে নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত। ভাৰতে জীৱনধাৰণ সূচল কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ প্ৰণালীবদ্ধ মূল্যায়ন আৰু আন্তঃগাঁথনি তথা সেৱাৰ উন্নয়নেৰে নগৰাঞ্চলত জীৱন ধাৰণৰ মান উন্নত কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ লগতে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাবৰ সন্মুখীন হোৱাৰ বাবে সেউজ কর্মসংস্থাপনৰ গুৰুত্বত আলোকপাত কৰে। দেশে সম্প্রতি সেউজ বিকাশ আৰু সেউজ কর্মসংস্থাপনত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে বিশেষকৈ অৰাজনৈতিক পৃষ্ঠভূমিৰ এক লাখ যুৱক-যুৱতী ৰাজনৈতিক প্ৰণালী অন্তৰ্ভুক্ত কৰাত জোৰ দিয়ে। স্বজন-তোষণ আৰু জাতিবাদৰ বিভিষিকাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ভাৰতীয় ৰাজনীতিত নতুন লোকৰ অন্তৰ্ভুক্তিৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ চৰকাৰে ৰাষ্ট্ৰ প্ৰথম নীতিৰে ভালমান সংস্কাৰৰ সূচনা কৰিছে। শ্রী মোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ ভোকেল ফৰ লোকেল মন্ত্ৰ দেশৰ অৰ্থব্যৱস্থাৰ বিকাশৰ মন্ত্ৰ হৈ পৰিছে। এখন জিলা এবিধ সামগ্ৰীৰ মন্ত্ৰ জনসাধাৰণৰ মাজত অতিকে জনপ্ৰিয় হৈছে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।