ভাৰতে গণতান্ত্রিক প্রতিষ্ঠান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াই যে গণতন্ত্ৰক সুস্থিৰতা আৰু গতি প্ৰদান কৰে সেয়া প্ৰমাণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ

ভাৰতে গণতান্ত্রিক প্রতিষ্ঠান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াই যে গণতন্ত্ৰক সুস্থিৰতা আৰু গতি প্ৰদান কৰে সেয়া প্ৰমাণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ সংবিধান ভৱনত আজি কমনৱলেথ ৰাষ্ট্ৰসমূহৰ সংসদৰ অধ্যক্ষ আৰু সভাপতিসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে বিচিত্ৰ্যতাক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তিলৈ ৰূপান্তৰ কৰিছে। তেওঁ কয় যে ভাৰতত গণতন্ত্র মানে হৈছে সমাজৰ শেষৰ গৰাকী ব্যক্তিকো সেৱা প্ৰদান ব্যৱস্থাৰে সামৰি লোৱা আৰু চৰকাৰে কোনো ধৰণৰ বৈষম্য অবিহনে প্ৰতি গৰাকী ব্যক্তিৰ বাবে ৰাজহুৱা কল্যাণৰ মনোভাৱেৰে কাম কৰি আছে৷ বিগত কেইটামান বছৰত দেশৰ প্ৰায় ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হোৱা বুলি শ্রীমোদীয়ে মন্তব্য কৰে।
প্রধানমন্ত্রীয়ে কয় যে ভাৰতত জনসাধাৰণ সৰ্বপৰি আৰু তেওঁলোকৰ আশা-আকাংক্ষাত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হয়। তেওঁ লগতে কয় যে ভাৰতে বিচিত্ৰতাক নিজৰ শক্তিলৈ ৰূপান্তৰ কৰি বিশ্বৰ দ্রুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। ইউপিআইক বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল ধনাদায় ব্যৱস্থা বুলি শ্রীমোদীয়ে অভিহিত কৰে। তেওঁ কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক আৰু বিশ্বৰ দ্বিতীয় সৰ্বাধিক তীখা উৎপাদনকাৰী। তেওঁ কয় যে এইবেলি ভাৰতত চতুৰ্থবাৰৰ বাবে কমনৱেলথ ৰাষ্ট্ৰসমূহৰ সংসদৰ অধ্যক্ষ আৰু সভাপতিসকলৰ সন্মিলন অনুষ্ঠিত হৈছে।
প্রধানমন্ত্ৰীয়ে কয় যে ভাৰতে গোলকীয় মঞ্চসমূহত গ্ল’বেল চাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ উদ্বেগ শক্তিশালীভাৱে উত্থাপন কৰি আহিছে।
সন্মিলনত অংশগ্ৰহণ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে কৃত্রিম বুদ্ধিমত্তা আৰু সামাজিক মাধ্যমসমূহেৰ গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ দক্ষতা আৰু সমৰ্থ বৃদ্ধিত সহায় কৰিছে যদিও অপপ্ৰচাৰ, চাইবাৰ অপৰাধ আৰু সামাজিক বিভাজনৰ দৰে গুৰুতৰ প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। অধ্যক্ষগৰাকীয়ে কয় যে এই প্ৰত্যাহ্বানসমূহৰ কথা গুৰুত্ব সহকাৰে বিবেচনা কৰি ইয়াৰ যথোচিত সমাধান উলিওৱাটো সকলোৰে সমূহীয়া দায়িত্ব। শ্ৰীবিৰলাই এইবাৰৰ সন্মিলনত গুৰুত্বপূৰ্ণ গোলকীয় বিষয় লৈ গভীৰ আলোচনা হ’ব আৰু এই সন্দৰ্ভত কঠোৰ নীতিগত সিদ্ধান্ত লোৱা হ’ব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় সংসদৰ ৭ দশকৰো অধিক সময়জোৰা যাত্ৰাৰ বিষয়ে আলোকপাত কৰি শ্ৰীবিৰলাই কয় যে নাগৰিক কেন্দ্ৰীক নীতি আৰু কল্যাণকামী আইনৰ প্ৰণয়নে গণতান্ত্ৰিক ব্যৱস্থা সবল কৰি তুলিছে। তেওঁ কয় যে ভাৰতৰ নিকা নির্বাচনী প্ৰণালীয়ে গণতন্ত্ৰত প্ৰতিগৰাকী নাগৰিকৰ অংশগ্রহণ সুনিশ্চিত কৰিছে আৰু ইয়াৰ ফলত গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।