ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সম্প্ৰতি ইৰানত প্ৰায় ৯ হাজাৰ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই বিদ্যাৰ্থী। শ্রীজয়ছৱালে কয়, যে ইৰানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰান ভ্ৰমণ এৰাই চলিবলৈ আৰু দেশখনত থকাসকলক উভতি আহিবলৈ পৰামৰ্শ জাৰি কৰিছে ।
জাপানৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয়, যে ভাৰত-জাপান সহযোগিতাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা হৈছে এটা গুৰুত্বপূৰ্ণ দিশ আৰু এই বিষয়ত দুয়োখন দেশৰ বিদেশ মন্ত্ৰী দুগৰাকীৰ মাজত আলোচনা অনুষ্ঠিত হৈ গৈছে। তেওঁ কয়, যে জাপানৰ সৈতে সম্পর্ক শক্তিশালী কৰাৰ বাবে ভাৰতে কাম কৰি আছে আৰু বহুকেইটা প্রকল্প বিবেচনাধীন হৈ আছে। জাপানৰ বিদেশ মন্ত্ৰীগৰাকী তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয়, যে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে অষ্টাদশ ভাৰত-জাপান কৌশলগত আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাকালত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ যোগান শৃংখলা, বিনিয়োগ, বাণিজ্য, প্রযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, সাংস্কৃতিক সম্পৰ্ক আৰু দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে বুলি বৈদেশিক পৰিক্ৰমা মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰকাশ কৰে।