January 16, 2026 8:36 PM | Iran Situation

printer

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : বৈদেশিক পৰিক্ৰমা মন্ত্রালয়

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্র বনধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল’বলৈ প্রতিশ্রুতিবদ্ধ। তেওঁ কয় যে সম্প্রতি ইৰানত প্রায় ৯ হাজাৰ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই বিদ্যার্থী। শ্রীজয়ছবালে কয় যে ইৰানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰান ভ্রমণ এবাই চলিবলৈ দেশখনত থকাসকলক উভতি আহিবলৈ পৰামৰ্শ জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।