ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 7:56 PM | MEA Press Meet

printer

ভাৰতে আফগান-পাকিস্তানৰ মাজৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : ৰনধীৰ জয়ছৱাল

ভাৰতে আফগান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কতা-বতৰাত মন্ত্রালয়ৰ মুখপাত্র ৰনধীৰ জয়ছৱালে কয় যে শেহতীয়া ঘটনাক্ৰমৰ পৰা পাকিস্তানে সন্ত্রাসবাদী সংগঠনক আশ্রয় দিয়া আৰু সন্ত্রাসবাদী কার্যকলাপত পৃষ্ঠপোষকতা কৰাটো স্পষ্ট হৈ পৰিছে। নিজৰ অভ্যন্তৰীণ ব্যর্থতাৰ বাবে চুবুৰীয়া ৰাষ্টসমূহক দোষাৰোপ কৰাটো পাকিস্তানৰ পুৰণি স্বভাৱ বুলি তেওঁ মন্তব্য কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে আফগানিস্তানে নিজৰ ভূখণ্ডত সাৰ্বভৌমত্বৰ অধিকাৰ প্ৰয়োগ কৰাক লৈ পাকিস্তান জাঙুৰ খাই উঠিছে। তেওঁ লগতে কয় যে ভাৰত আফগানিস্তানৰ সাৰ্বভৌমত্ব, ভৌগলিক অখণ্ডতা আৰু স্বাধীনতাৰ প্ৰতি সম্পূর্ণৰূপে প্রতিশ্রুতিবদ্ধ। কাবুলত থকা ভাৰতীয় মিছনৰ উন্নীতকৰণ সন্দৰ্ভত শ্রীজয়ছৱালে কয় যে কাবুলত ২০২২ চনৰ জুনৰে পৰা ভাৰতৰ কাৰিকৰী মিছন কাৰ্যকৰী হৈ আছে। পৰৱৰ্তী কেইটামান দিনত এই মিছনক দূতাবাসলৈ ৰূপান্তৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ব্রিটেইনে ভাৰতৰ শক্তি কোম্পানী নায়ৰাৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দেশখনৰ একপক্ষীয় বাধানিষেধ আৰোপ কৰাৰ কোনো অধিকাৰ নাই। তেওঁ কয় যে ভাৰতে শক্তি সুৰক্ষাৰ বিষয়টো নাগৰিকসকলৰ বুনিয়াদী আৱশ্যকতা পূৰণৰ বাবে সর্বাধিক গুৰুত্বপূৰ্ণ দায়িত্ব বুলি গণ্য কৰে। তেওঁ কয় যে ভাৰতীয় কোম্পানীসমূহে বজাৰৰ সামগ্রিক পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শক্তি আহৰণ কৰে। বিশেষকৈ শক্তি ব্যৱসায়ৰ কোনো ধৰণৰ দুমুখীয়া মান থাকিব নোৱাৰে বুলি তেওঁ প্রকাশ কৰে। তেল আমদানি সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ মাজত আলোচনা হৈছে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে তেওঁ নেতা দুগৰাকীৰ মাজত কোনো আলোচনা হোৱাৰ কথা নাজানে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।