ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 9, 2025 11:34 AM | India-Australia

printer

ভাৰতে অষ্ট্ৰেলিয়া, ইউ এ ই, ছুইজাৰলেণ্ড আৰু ন’ৰোৱেৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযোজ্য গড় শুল্ক যথেষ্ট হ্ৰাস কৰিছে

ভাৰতে শেহতীয়া দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ অধীনত অষ্ট্ৰেলিয়া, সংযুক্ত আৰব আমীৰি ৰাষ্ট্র-ইউ এ ই, ছুইজাৰলেণ্ড আৰু ন’ৰোৱেৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযোজ্য গড় শুল্ক যথেষ্ট হ্ৰাস কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ইউৰোপীয় সংঘ আৰু ব্ৰিটেইনসহ অন্য সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলি আছে। আমেৰিকাৰ সৈতেও অনুৰূপ আলোচনা অব্যাহত থকা বুলি সূত্রই প্রকাশ কৰিছে। যোৱা ফেব্ৰুৱাৰীত ভাৰত আৰু আমেৰিকাই চলিত বৰ্ষৰ শেষ ভাগলৈ পাৰস্পৰিক বহুমুখী দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায় সম্পর্কে আলোচনা কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে এই আলোচনা আগবঢ়াই নিয়াৰ বাবে জ্যেষ্ঠ প্রতিনিধিক মনোনীত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। সেই অনুসৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ নেতৃত্বত ভাৰতৰ এটা প্রতিনিধি দলে এই সপ্তাহত ৱাশ্বিংটন ভ্ৰমণ কৰে আৰু আমেৰিকাৰ বাণিজ্য মন্ত্ৰী তথা দেশখনৰ বাণিজ্য জগতৰ প্রতিনিধিসকলক সাক্ষাৎ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।