ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2024 8:30 PM | Dr. S Jaishankar

printer

ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছেঃ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছে। অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ব্ৰীছবেনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, উচ্চ বিকাশৰ পথত অগ্ৰসৰ হৈছে আৰু দেশে বিশ্বৰ সৈতে আগবাঢ়িব বিচাৰে । তেওঁ কয় যে, ভাৰতৰ কেইখনমান বচা বচা দেশৰ সৈতে সর্বাত্মক কৌশলগত সম্পৰ্ক আছে আৰু অষ্ট্ৰেলিয়া তেনে এখন দেশ। শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ব্ৰীছবেনত ভাৰতৰ চতুৰ্থটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্রী পেনি ৱঙৰ সৈতে কেনবেৰাত হ’বলগীয়া মন্ত্ৰীপৰ্যায়ৰ পঞ্চদশ পৰিকাঠামো বৈঠকত সহ-অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত হ’বলগীয়া দ্বিতীয় ৰাইছিনা ডাউন আণ্ডাৰ সন্মিলনৰ উদ্বোধনী সত্ৰতো মূল ভাষণ প্রদান কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ নেতৃবৰ্গ, সাংসদ, প্রবাসী ভাৰতীয়, আগশাৰীৰ ব্যৱসায়ী আৰু অন্য বিশিষ্ট ব্যক্তিসকলৰ সৈতেও মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ড০ জয়শংকৰ ৮ নৱেম্বৰত ছিংগাপুৰত উপস্থিত হ’ব। তাত তেওঁ আছিয়ান-ভাৰত উপদেষ্টা বিশেষজ্ঞ গোটৰ অষ্টম ঘূৰণীয়া মেজমেলক সম্বোধন কৰিব। তেওঁ লগতে দুয়ো দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ছিংগাপুৰৰ নেতৃবৰ্গক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ উপায় অন্বেষণ কৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।