ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 12:53 PM | Indian Railway

printer

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২,০১১ খন বিশেষ ৰে’লৰ চলাচল

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২ হাজাৰ ১১ খন বিশেষ ৰে’ল চলাচল কৰোৱাই আছে। যোৱা বছৰৰ এই সময়ছোৱাত সাত হাজাৰ ৭২৪ খন উৎসৱ বিশেষ ৰে’ল চলাচল কৰোৱা হৈছিল। উত্তৰ-পূব সীমান্ত ৰে’লবে যোৱা ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰলৈ ৰেল পথসমূহত ৬২০ টা যাত্ৰাৰ বাবে ৪৮ খন উৎসৱবিশেষ ৰে’ল চলাচল কৰাই আছে। যাত্রীসকলৰ সুবিধার্থে কাতিহাৰ, নিউ জলপাইগুড়ি, গুৱাহাটীকে ধৰি মুখ্য ষ্টেচনসমূহৰ পৰিষৰ, যাত্ৰীৰ সুবিধার্থে বিভিন্ন ব্যবস্থা, অতিৰিক্ত টিকট কাউণ্টাৰ, স্বয়ংক্রিয় টিকট ভেন্ডিং মেচিনকে ধৰি বিভিন্ন ব্যৱস্থা কৰা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱে প্ৰকাশ কৰিছে।