October 12, 2025 8:39 PM | CHIEFS Conclave 2025

printer

ভাৰতীয় সেনাৰ উদ্যোগত ১৪ অক্টোবৰৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানত সহযোগী দেশসমূহৰ সেনাবাহিনীৰ মুৰব্বীসকলৰ সন্মিলন

ভাৰতীয় সেনাই অহা ১৪ অক্টোবৰৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনাবাহিনীৰ মুৰব্বীসকলৰ সন্মিলন অনুষ্ঠিত কৰিব।

তিনিদিনীয়াকৈ হ’বলগা এই সন্মিলনত সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানৰ সৈতে জড়িত দেশসমূহৰ সেনাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৰাষ্ট্ৰসংঘৰ অভিযানসমূহৰ অন্যতম অংশীদাৰী দেশ হিচাপে ভাৰতে এই উচ্চপর্যায়ৰ সন্মিলনখনৰ আয়োজন কৰিছে। সন্মিলনত সেনাবাহিনীয়ে লাভ কৰা প্ৰত্যাহ্বান, ভাবুকিৰ লগতে দেশসমূহৰ মাজত অনুশীলনৰ আদান-প্রদান আৰু ভৱিষ্যতৰ শান্তিৰক্ষাৰ বিষয়ত বুজাবুজি গঢ়ি তোলাৰ বাবে আলোকপাত কৰা হ’ব। ইয়াত ভাৰতৰ বসুধৈৱ কুটুম্বকমৰ মূলমন্ত্রক প্রতিফলিত কৰিব বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ আৰু ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানৰ উপ-সচিব প্রধান জিন পিয়েৰে লেক্রইক্সে অংশগ্রহণকাৰী দেশসমূহক সম্বোধন কৰিব। বিভিন্ন দেশৰ সেনা প্রধান আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকলেও তেওঁলোকৰ মতামত দাঙি ধৰিব। এই সন্মিলনতে দ্বিপাক্ষিক আৰু সাংস্কৃতিক বিনিময়ৰ বাবে প্ৰতিৰক্ষা প্রদর্শনীও অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে সন্মিলনত আলজেৰিয়া, আর্মেনিয়া, অস্ট্রেলিয়া, বাংলাদেশ, ভুটান, ব্রাজিল, বুৰুণ্ডী, কম্বোডিয়া, ইজিপ্ত, ইথিওপিয়া, ফিজি, ফ্রান্স, ঘানা, ইটালী, কাজাখস্তান, কেনিয়া, কিৰগিজস্তান, মাদাগাস্কাৰ, মালয়েছিয়া, মংগোলিয়া, মৰক্কো, নেপাল, নাইজেৰিয়া, পোলেও, ৰুৱাণ্ডা, শ্রীলংকা, সেনেগাল, তাঞ্জানিয়া, থাইলেণ্ড, উগাণ্ডা, উৰুগুৱে আৰু ভিয়েটনামৰ সেনাপ্রধানে অংশ ল’ব।