ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় ৰে’ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে’লসেৱা বঁটা প্ৰদান

কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভাৰতীয় ৰে’ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে’লসেৱা বঁটা প্ৰদান কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যোৱা ১০ বছৰত হোৱা ৰে’ল বিভাগৰ উন্নয়নৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলক সুৰক্ষা, গুণগত মান আৰু প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। যোৱা বছৰটোত দেশৰ ৰে’ল মানচিত্ৰত ৫,৩০০ কিলোমিটাৰ ৰে’লপথ সংযোজিত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাশ্মীৰ আৰু কণ্যাকুমাৰী সংযোগী অভিলাষী প্রকল্পটো সম্পূৰ্ণ হোৱাৰ দিশত বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ ভিতৰত ৰে’লখণ্ড ১০০ শতাংশ‍ই বৈদ্যুতিকীকৰণ হ’ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, উৎপাদনশীলতা, ৰাজহ সংগ্ৰহ, সুৰক্ষা, প্রকল্প সম্পাদন, ক্রীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পৰা বঁটা প্ৰাপকসকলক নিৰ্বাচন কৰা হৈছে।