ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 19, 2025 11:36 AM | Ashwini Baishnav

printer

ভাৰতীয় ৰে’লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলা হ’ব : ৰে’লমন্ত্ৰী

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰে’লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয়, যে ভাৰতীয় ৰেলৱেৰ অৰ্থনৈতিক স্থিতি যথেষ্ট ভাল আৰু চৰকাৰে ইয়াক অধিক উন্নত কৰাৰ বাবে কাম কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি লোকসভাত ৰে’ল মন্ত্ৰালয়ৰ কাম-কাজ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দি এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতীয় ৰে’লৱেই বিগত দহ বছৰত ৫ লাখ লোকক কর্মসংস্থাপন প্ৰদান কৰিছে আৰু এক লাখৰো অধিক চাকৰিৰ নিযুক্তি প্রক্রিয়া চলি আছে। তেওঁ কয়, যে ২০২০ চনৰে পৰা যাত্রী ভাড়া বৃদ্ধি কৰা হোৱা নাই আৰু এই ভাড়া অন্য দেশৰ তুলনাত কম৷ চৰকাৰে দেশৰ ৰেল দুৰ্ঘটনা কম কৰাত গুৰুত্ব আৰোপ কৰা বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰে। তেওঁ কয়, যে ভালেমান কাৰিকৰী পৰিৱৰ্তন কৰা হৈছে আৰু ভাৰতীয় ৰে’লৱেই দীঘল ৰেলগাড়ী, বৈদ্যুতিক ইণ্টাৰলকিং আৰু কুঁৱলি নিৰাপত্তা আহিলাৰ লেখিয়া বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ইয়াৰ সেৱা উন্নত কৰাৰ বাবে অহৰহ কাম কৰি আছে। ভাৰত ৰে’লগাড়ীৰ বৃহৎ ৰপ্তানিকাৰী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে অষ্ট্ৰেলিয়ালৈ মেট্ৰ’ ৰে’লগাড়ী আৰু ব্ৰিটেইন, চৌদি আৰৱ আৰু ফ্ৰান্সলৈ ৰেলগাড়ীৰ দবা ৰপ্তানি কৰি আহিছে। তেওঁ লগতে ভাৰতে মেক্সিকো, স্পেইন, জার্মানী আৰু ইটালীলৈ ৰেলগাড়ীৰ আহিলাপাতি ৰপ্তানি কৰা বুলি জানিবলৈ দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত যৌথভাৱে যিমান ৰেলৰ ইঞ্জিন উৎপাদন হয় ভাৰতত তাতকৈ অধিক উৎপাদন হয় বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰে। ভাৰতীয় ৰেলৱে অহৰহভাৱে আন্তঃগাথনিৰ উন্নয়ন সাধন কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত ৩৪ হাজাৰ কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰা হৈছে আৰু এই দৈর্ঘ্য জাৰ্মানীৰ সমগ্ৰ ৰেল নেটৱৰ্কৰ দৈৰ্ঘ্যতকৈ অধিক । তেওঁ কয়, যে ৫০ হাজাৰ কিলোমিটাৰ পুৰণি ৰেলপথৰ ঠাইত নতুন ৰেলপথ স্থাপন কৰা হৈছে আৰু ইয়াৰ ফলত নিৰাপত্তা বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।