ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধিৰ পৰিকল্পনা

ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দাবাদ, বাংগালোৰ, পাটনা, ভূপাল আৰু পুৰী। মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি অনাগত বৰ্ষসমূহত ইয়াৰ ফলত যাত্ৰীৰ আহ-যাহৰ সুবিধা বৃদ্ধি পাব। ৰে’লৱে বোৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে সকলো মণ্ডলৰ মহা-প্ৰৱন্ধকসকলৈ ৰে’লৰ আহ-যাহৰ সংখ্যা বৃদ্ধি কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।