ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 8, 2024 2:12 PM | RBI

printer

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। স্থায়ী জমা সুবিধা – এছ ডি এফৰ হাৰ ৬.২৫ শতাংশ আৰু প্ৰান্তীয় স্থায়ী সুবিধা – এম এছ এফ তথা বেংকৰ হাৰো ৬.৭৫ শতাংশতে থাকিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বিত্তীয় বৰ্ষৰ বাবে তৃতীয়টো দুমহীয়া মৌদ্রিক নীতি ঘোষণা কৰি মৌদ্রিক নীতি সমিতি – এম পি চিয়ে ৰেপ’ হাৰ পূৰ্বৰ ৬.৫ শতাংশতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত ৬ জন সদস্যৰ ভিতৰত চাৰিগৰাকীৰ বহুমতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে মুদ্রাস্ফীতি একে ৰখাটো সুনিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হয়। মৌদ্রিক নীতি সমিতিৰ এই বৈঠক যোৱা ৬ তাৰিখৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। সমিতিৰ পৰৱৰ্তী বৈঠক অহা ৭ৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।