ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। গল্পকাৰগৰাকীৰ কানাড়া ভাষাৰ গল্প সংকলনৰ ইংৰাজী অনুবাদ হার্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখন ইংৰাজীলৈ অনুবাদ কৰা দীপা বস্তিকো বিশিষ্ট গল্পকাৰগৰাকীৰ সৈতে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বানু মোস্তাক এই বঁটা লাভ কৰা প্ৰথমগৰাকীৰ কন্নড় সাহিত্যিক হিচাপে পৰিগণিত হৈছে। কালি লণ্ডনত আয়োজিত অনুষ্ঠানত এই বঁটা প্রদান কৰা হয়। ১২টা গল্পৰ সংকলনখনত গল্পকাৰগৰাকীয়ে বিগত ৩০ বছৰত ৰচনা কৰা গল্পসমূহ সন্নিৱিষ্ট কৰা হৈছে। কৰ্ণাটকৰ ইছলাম ধৰ্মাৱলম্বী মহিলাৰ জীৱনশৈলীক উপজীৱ্য হিচাপে লৈ সৰহ সংখ্যক গল্প ৰচনা কৰা হৈছে। গল্প সংকলনখনে বিশ্বৰ ভিন্ন প্ৰান্তৰ আন পাঁচগৰাকী খ্যাতনামা সাহিত্যিকৰ ৰচনাৰ অনুমোদিত তালিকাৰ পৰা বাছনি লাভ কৰি এই বঁটা লাভ কৰে। ইপিনে, ইংৰাজী অনুবাদৰ বাবে বুকাৰ বঁটা লাভ কৰা দীপা বস্তি প্ৰথমগৰাকী ভাৰতীয় অনুবাদক হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ ২০২২ চনত ভাৰতীয় সাহিত্যিক গীতাঞ্জলি শ্ৰী আৰু ইংৰাজী অনুবাদক ডেইজি ৰকৱেলে টম্ব অব চেণ্ডৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল। ১৯৯৭ চনত অৰুন্ধতী ৰয়ে গড অব স্মল থিংছ নামৰ গ্ৰন্থৰ বাবে প্ৰথমগৰাকী ভাৰতীয় হিচাপে বুকাৰ বঁটা লাভ কৰিছিল। ২০২৬ চনত কিৰণ দেশাইয়ে ইনহেৰিটেনছ অব লছ গ্ৰন্থৰ বাবে আৰু ২০০৮ চনত অৰবিন্দ আদিগাই দ্য হোৱাইট টাইগাৰ নামৰ গ্ৰন্থখনৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল। একেদৰে ভাৰতীয় মূলৰ প্ৰথমগৰাকী সাহিত্যিক হিচাপে ১৯৯৩ চনত মিডনাইট চিল্ডৰেণ নামৰ গ্ৰন্থৰ বাবে ভি এছ নাইপলে এই বঁটা লাভ কৰিছিল৷
Site Admin | May 21, 2025 7:19 PM | Akashvani News | banu mushtaq
ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ চলিত বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে
