ভাৰতীয় সশস্ত্রবাহিনীৰ আগতীয়া প্ৰস্তুতিৰ বাবে পাকিস্তানৰ অপ্ৰৰোচিত আক্রমণ প্রতিহত কৰা সম্ভৱ হৈ উঠিলঃ স্থল সেনাৰ ডি জি এম ও ৰাজীৱ ঘাই

নতুন দিল্লীত সংবাদমেলত স্থল সেনাৰ ডি জি এম ও ৰাজীৱ ঘাইয়ে কয় যে ভাৰতীয় সশস্ত্রবাহিনীৰ আগতীয়া প্ৰস্তুতিৰ বাবে পাকিস্তানৰ অপ্ৰৰোচিত আক্রমণ প্রতিহত কৰা সম্ভৱ হৈ উঠিল। যোৱা ৯ আৰু ১০ মে’ ৰ নিশা ভাৰতীয় বিমান ঘাটি আৰু পৰিবহন কেন্দ্ৰলৈ লক্ষ্য কৰি পাকিস্তানৰ বায়ুসেনাই কৰা আক্ৰমণ ভাৰতীয় সেনাবাহিনীৰ প্ৰতিৰক্ষা ব্যৱস্থাই ৰোধ কৰে আৰু দেশখনে ভাৰতৰ বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাক কোনো কাৰণতে আঘাট সনাৰ সুযোগ লাভ নকৰিলে। শ্ৰী ঘাইয়ে সীমান্ত সুৰক্ষা বাহিনীক অভিযান কালত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
নৌ সেনা বাহিনীৰ ডি জি এম ও ভাইচ এডমিৰেল এ.এন. প্রমোদে সংবাদ মেলত কয় ভাৰতৰ সামুদ্রিক বাহিনীয়ে অহৰহ নিৰীক্ষণ আৰু চিনাক্তকৰণৰ দ্বাৰা সামুদ্রিক অঞ্চলৰ লগতে আকাশমাৰ্গতো চোকা দৃষ্টি ৰাখি শত্ৰু পক্ষৰ সকলো ভাবুকি প্ৰতিহত কৰিছে। নৌসেনাৰ যুদ্ধ বিমান পৰিবাহী মিগ-২৯ কে জাহাজ আৰু হেলিকপ্টাৰ সমুহৰ সহায়ত কেইবাশ কিলোমিটাৰ আঁতৰৰ পৰাই সন্দেহ জনক বিমানৰ গতি বিধি চিনাক্ত কৰিব পৰা যায়। চৰকাৰ, বিভিন্ন বিভাগ আৰু দেশৰ এশ চল্লিশ কোটি লোকৰ সহযোগিতাৰে এই সফলতা লাভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।