ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশঃ ৰাজনাথ সিং

লোকসভাত আজি ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত আগভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশকে স্পৰ্শ কৰি জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰশস্ত কৰি তুলিছে। তেওঁ কয়, যে এই সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশ। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই ন-কৈ স্বাধীন হোৱা ভাৰতৰ বাবে এখন সংবিধান প্ৰস্তুতৰ বাবে প্ৰক্ৰিয়া চলাইছিল। ৩ বছৰীয়া বিতৰ্ক আৰু বিবেচনাৰ পাছত দেশে এখন সংবিধান লাভ কৰে। তেওঁ কয়, যে সংবিধানসভাই প্ৰস্তুত কৰি উলিওৱা এই সংবিধান কেৱল নথিয়েই নহয়, ই জনসাধাৰণৰো ইচ্ছাৰ এক প্ৰকাশ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।