ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত এছিয়াৰ সৰ্ববৃহৎ দূৰসংযোগ, মিডিয়া আৰু প্রযুক্তি সন্মিলন ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয়, যে দূৰসংযোগ খণ্ডত দেশৰ সাফল্যই আত্ম-নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ শক্তিকে সূচায়। তেওঁ কয়, যে এসময়ত টু জি প্ৰযুক্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন জিলাতে সম্প্রতি ফাইভ জি সেৱাৰ প্ৰৱৰ্তন হৈছে। তেওঁ কয়, যে দেশৰ ডিজিটেল সংযোগ এতিয়া আৰু কোনো বিলাসিতা নহয়, বৰং ই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ভাৰতীয় মোবাইল মহাসভা অকল মোবাইল বা দূৰসংযোগ খণ্ডতেই সীমিত নহয়, বৰং বিগত কেইটামান বছৰত এই মহাসভা এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্রযুক্তি মঞ্চ হৈ উঠিছে বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশে অলপতে ভাৰততে নির্মিত ফ’ৰ জি ষ্টেক মুকলি কৰিছে আৰু এয়া দেশৰ গুৰুত্বপূৰ্ণ থলুৱা সাফল্যৰূপে বিবেচিত হৈছে। এয়া বিনিয়োগ, উদ্ভাৱন আৰু ভাৰতত সামগ্রী নিৰ্মাণৰ উপযুক্ত সময় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে সম্প্ৰতি ভাৰত বিশ্বৰ দ্বিতীয় সর্ববৃহৎ দূৰ সংযোগ বজাৰ আৰু দ্বিতীয় সর্ববৃহৎ ফাইভ জি বজাৰৰূপে পৰিগণিত হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে ভাৰত সম্প্ৰতি বিশ্বৰ ডিজিটেল ধ্বজাবাহকৰূপে পৰিগণিত হৈছে। তেওঁ কয়, যে দেশৰ ডিজিটেল বিপ্লৱ ইংৰাজী বৰ্ণমালাৰ চাৰিটা ডি ডেমক্রেছি, ডেম’গ্রাফী, ডিজিটেল ফাৰ্ষ্ট আৰু ডেলিভাৰী অৰ্থাৎ গণতন্ত্র, জনগাঁথনি, ডিজিটেল প্রথম আৰু সেৱা প্ৰদানৰ ওপৰত আধাৰিত। শ্রীসিন্ধিয়াই কয়, যে দেশত ব্ৰড বেংক উপভোক্তাৰ সংখ্যা ২০১৪ চনত ৬ কোটিৰ পৰা ৯৪ কোটি ৪০ লাখলৈ বৃদ্ধি পাইছে। দেশৰ জিলাসমূহৰ ৯৯.৯ শতাংশকে সম্প্রতি ফাইভ জি সেৱাৰে সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বিশ্বৰ ২০ খন দেশে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ আৰ্হি আঁকোৱালি লোৱাৰ বাবে সক্রিয়ভাৱে আলোচনা কৰি আছে।

পৰিৱৰ্তনৰ বাবে উদ্ভাৱন বিষয়বস্তুৰে ৪দিনীয়াকৈ আয়োজিত এই সন্মিলনত দূৰসংযোগ আৰু ডিজিটেল প্রযুক্তি খণ্ডত আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত 6G পৰিস্থিতি তন্ত্র, চাইবাৰ নিৰাপত্তা, উপগ্ৰহীয় যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা, দূৰসংযোগ আদি দিশসমূহত আলোকপাত কৰা হ’ব। এই সন্মিলনত ডেৰ লাখ লোকৰ উপস্থিতি আশা কৰা হৈছে। সন্মিলনত জাপান, কানাডা, ব্ৰিটেইন, ৰাছিয়া, আয়াৰলেণ্ড, অষ্ট্ৰিয়া আদিকে ধৰি বিশ্বৰ ডেৰশখনতকৈও অধিক দেশৰ ৭ হাজাৰতকৈও অধিক প্ৰতিনিধি আৰু ৪০০তকৈও অধিক প্রদর্শনীত ভাগ ল’বলগীয়া লোকে অংশ ল’ব। সন্মিলনত হ’বলগীয়া এশতকৈও অধিক সত্ৰত ৮০০ গৰাকীতকৈও অধিক বক্তাই ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।