ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া ৫.৩০ বজাত মহাকাশযানৰ উৎক্ষেপনৰ সময় নিৰ্ধাৰণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্ৰকাশ কৰে। এই অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ একোগৰাকীকৈ মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। অভিযানকালত ভাৰতৰ শুভাংশু শুক্লাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেগি হুইট্চন, প’লেণ্ডৰ স্লাউজ উজনাস্কি আৰু হাংগেৰীৰ তিবৰ কাপুৱে ৩১ খন দেশৰ প্ৰায় ৬০ টা বৈজ্ঞানিক অধ্যয়ন সম্পন্ন কৰিব। অভিযানকালত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভালেকেইটা গৱেষণা প্ৰকল্পও অন্তর্ভুক্ত কৰা হৈছে বুলি সংস্থাই প্ৰকাশ কৰিছে।
Site Admin | June 10, 2025 8:38 PM | Akashvani | Akashvani News | Axiom-AX-4-mission-ISS-delayed
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে
