ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 29, 2024 8:18 PM

printer

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলীৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আগজাননী দিছে। একেদৰে পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানতো ২ৰ পৰা ৩ দিনৰ ভিতৰত অতি ঘন কুঁৱলী পৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। বিভাগে দিয়া আগলি বতৰা অনুসৰি অহা পাঁচ দিনত উত্তৰ প্ৰদেশৰ তাপমাত্ৰা বৰ্তমানতকৈ ৪ৰ পৰা ৬ ডিগ্রী চেলছিয়াছ হ্রাস হ’ব। আনহাতে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু ৰাজস্থানৰ তাপমাত্রা ৩ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। একেদৰে বিভাগে অহা ১ জানুৱাৰীৰ পৰা ৪ জানুৱাৰিলৈ পশ্চিম হিমালয় অঞ্চলসমূহত বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে।