ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ

উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্রযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ হৈ সঞ্চালক প্ৰফেচাৰ দেবেন্দ্ৰ জালিহাল আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ হৈ উপাধ্যক্ষ সূৰয চেত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে অসমত উদ্ভাৱন, উৎকৰ্ষ সাধন আৰু মহাকাশ প্রযুক্তিৰ ভৱিষ্যৎ তথা পৰিবহণ কেন্দ্ৰৰ বিকাশৰ প্ৰতিশ্ৰুতিৱদ্ধতা অনুসৰি এই চুক্তি সম্পন্ন কৰা হৈছে। এই চুক্তিৰ অধীনত পৰিবহণ, আতিথ্য, উদ্যোগ, দক্ষতা বিকাশ, কৃষি আদি ক্ষেত্ৰত সমন্বয় গঢ়ি তোলা হ’ব। এই উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই চুক্তিখনে দক্ষতাৰ ব্যৱধান দূৰ কৰাৰ লগতে বহনক্ষম উন্নয়নত গতি প্ৰদান কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলত বিমান সেৱা আৰু পৰিবহণ খণ্ডত প্ৰতিযোগিতা বৃদ্ধি কৰিব। শ্ৰী শৰ্মাই শক্তিশালী আৰু গতিশীল কর্মশক্তিৰ সৃষ্টি আৰু বিমান পৰিবহণৰ দিশৰ পৰা এই চুক্তিখনক উল্লেখনীয় পদক্ষেপ বুলি অভিহিত কৰে। শেহতীয়াকৈ অসমৰ অৰ্ধ-পৰিবাহী উদ্যোগ, পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ শোধন, পলিমাৰ, কৃষি, পৰ্য্যটন, বিমান পৰিবহণ আদি ক্ষেত্ৰত চকুত লগা ধৰণৰ বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই চুক্তিখনে ৰাজ্যৰ বিকাশ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।