ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব

● ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত আজি ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্রিপাঠীৰ উপস্থিতিত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱগত কৰিছে যে দক্ষিণ নৌসেনা কমাণ্ডত অন্তর্ভুক্ত হ’বলগীয়া এই বিশেষ শ্ৰেণীৰ জাহাজখনে ভাৰতীয় নৌসেনা বাহিনীৰ হাইড্ৰ’গ্ৰাফিক জৰীপ ক্ষমতা বৃদ্ধি কৰিব।
মন্ত্রালয়ে লগতে জনাইছে যে, ইক্ষক জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদর্শন। ‘ইক্ষক’ অর্থাৎ গাইড বা নির্দেশক নামটোৱে
জাহাজখনৰ নিখুঁত বৈশিষ্ট্য আৰু নেতৃত্বৰ প্ৰতীক হিচাপে ল’বলগীয়া ভূমিকাক উপযুক্তভাৱে সংজ্ঞায়িত কৰিছে বুলিও মন্ত্রালয়ে প্রকাশ কৰে ৷