ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তামুলপুৰত বনভোজৰ দলসমূহৰ ওপৰত জিলা দণ্ডাধীশৰ কেতবোৰ নিষেধাজ্ঞা

তামুলপুৰৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বনভোজৰ দলসমূহৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি বনভোজৰ দলসমূহে পুৱা ৯ বজাৰ পূৰ্বে বনভোজস্থলীত উপস্থিত হ’ব নোৱাৰিব আৰু বিয়লি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। প্লাষ্টিক আৰু উচ্চ প্রাবল্যৰ শব্দযন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।