ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাবেশেই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উদযাপন। ২০০৫ চনত প্ৰৱৰ্তন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এই আইনখনে স্বচ্ছতাক ৰক্ষা কৰাৰ লগতে দুর্নীতি হ্ৰাস কৰা প্ৰশাসনিক সেৱা আগবঢ়োৱা আৰু দায়বদ্ধতা সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্বচ্ছ দৃষ্টিভংগী আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ বাবে তেওঁক প্ৰশংসা কৰে। ৰাজ্যপালগৰাকীয়ে বুনিয়াদি পর্যায়ত কর্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত তথ্য জনাৰ অধিকাৰ আইনখনৰ বিষয়ে অধিক সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়। এই অনুষ্ঠানত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্ৰীয় সংঘৰ অধ্যক্ষ হীৰালাল চামৰিয়া আৰু উপাধ্যক্ষ ত্ৰিপুৰাৰী চৰণৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকল উপস্থিত থাকে।