ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰৰ পেচাদাৰী প্ৰতিযোগিতাৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা

ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে কালি পেচাদাৰী প্ৰতিযোগিতাৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত মন্দাভিয়াই কয় যে, দীপাৰ প্ৰতিভাই দেশৰ জীয়ৰীসকলৰ লগতে যুৱ প্ৰজন্মক খেলিবলৈ অনুপ্ৰাণিত কৰিছে। তেওঁ লগতে কয় যে, দীপাৰ সাফল্যই সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতক গৌৰৱান্বিত কৰাৰ সমান্তৰালকৈ কোটি কোটি দেশবাসীক গৌৰৱ আৰু সন্মানৰ মুহূৰ্ত প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে দীপাই বহু চিন্তা-চৰ্চাৰ পাছত প্ৰতিযোগিতামূলক জিমনাষ্টিক্সৰ পৰা অৱসৰ লোৱা সিদ্ধান্তৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। অৱসৰৰ সিদ্ধান্ত লোৱাটো সহজ নাছিল যদিও এয়াই সঠিক সময় বুলি খেলুৱৈগৰাকীয়ে পষ্টটোত প্ৰকাশ কৰিছিল।