ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ’ব

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ’ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত হ’ব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা চালিজাৰি চোৱা হ’ব। সন্ধিয়া ৬ বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজন হ’লে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ’ব। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। সম্প্ৰতি কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক ২০১৯ চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু ২০২০ চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।