ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 17, 2024 10:47 AM | Doctors Strike

printer

ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে। চিকিৎসা সংস্থাই পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ’ পি ডি বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে। সংস্থাটোৱে ভুক্তভোগী চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্রীয় আইন প্রণয়ন কৰিবলৈ আহ্বান জনাইছে। ইপিনে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এটা নির্দেশ যোগে কৈছে যে, চিকিৎসকৰ সৈতে সংঘটিত হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত ৬ ঘণ্টাৰ ভিতৰত এজাহাৰ ৰুজু কৰা উচিত আৰু এজাহাৰ ৰুজু কৰাটো সংস্থাটোৰ মুৰববীৰ দায়িত্ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।