ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ দেহাৱসান

ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক ১২ দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ সুদৰ্শন, সফল তাৰকা হিচাপে পৰিচিত ধর্মেন্দ্ৰই প্ৰায় ৬৫ বছৰীয়া অভিনয় জীৱনত কমেও ৩০০ খন চলচ্চিত্ৰত অভিনয় কৰে। ১৯৬০ চনত দিলভি তেৰা হামভি তেৰে শীৰ্ষক চলচ্চিত্ৰৰে হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটা ধর্মেন্দ্ৰই পৰৱৰ্তী চলচ্চিত্র আয়ে মিলন কি বেলা, ফুল অৰ পাথৰ, আয়ে দিন বাহাৰ কে আদিৰ জৰিয়তে অনুৰাগীসকলৰ বিপুল প্ৰশংসা লাভ কৰে। ষষ্ঠ আৰু অষ্টম দশকত কেইবাখনো চলচ্চিত্ৰত অভিনয়ৰে দৰ্শকক মোহাচন্ন কৰা অভিনেতাগৰাকীয়ে নৱম দশকৰ পৰা চৰিত্ৰ অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১২ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত ধর্মেন্দ্ৰই চলচিত্ৰত কৰা অভিনয়ৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ৰাজস্থানৰ বিকানেৰ সমষ্টিৰ প্ৰতিনিধিত্ব কৰি ভাৰতীয় জনতা পাৰ্টীৰ পৰা ২০০৪ চনত তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ধর্মেন্দ্ৰৰ বিয়োগত দেশৰ অগনন অনুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অভিনেতা তথা প্রাক্তন সাংসদগৰাকীৰ বিয়োগত শোক প্রকাশ কৰি দিয়া বাৰ্তাত কয়, যে তেওঁৰ বিয়োগ ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি। নিজৰ অনবদ্য অভিনয়েৰে তেওঁ অগণন অনুৰাগী আৰু উদীয়মান শিল্পীক অনুপ্রাণিত কৰি গৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধর্মেন্দ্ৰৰ বিয়োগে ভাৰতীয় চলচ্চিত্ৰৰ এটা যুগৰ সমাপ্তি ঘটাইছে বুলি মন্তব্য কৰে। এগৰাকী অভিনেতা, সাংসদ আৰু সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হিচাপে তেওঁক জনসাধাৰণে সদায় মনত ৰাখিব বুলি তেওঁ উল্লেখ কৰে।