ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় চলচ্চিত্ৰই বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় চলচ্চিত্ৰই ইয়াৰ বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি সজোৰে প্ৰকাশ কৰিছে । শ্ৰী বৈষ্ণৱে এটা লেখাৰ জৰিয়তে কৈছে যে বিচিত্ৰতা আৰু সমন্বয়ৰ কাহিনীৰে চিনেমাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৃষ্টিকোণক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আহিছে। চিনেমাই এটা সার্বজনীন ভাষা কয় বুলি কৰা সত্যজিৎ ৰায়ৰ মন্তব্যৰ বিষয়ে উল্লেখ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে বৈচিত্ৰৰ মাজত ঐক্যৰ ক্ষমতাৰ বিষয়ে আলোকপাত কৰে। শ্ৰী বৈষ্ণৱে কয় যে ভাৰতীয় চিনেমাই আঞ্চলিক আৰু ভাষিক সীমা পাৰ কৰি সমন্বয়ৰ মনোভাৱক উজ্জীৱিত কৰি তোলে। তেওঁ কয় যে প্ৰখ্যাত অভিনেতা ৰাজ কাপুৰৰ চিৰসেউজ বোলছবি Shree 420 ৰ পৰা আৰম্ভ কৰি মণিৰত্নমৰ ৰোজা বোলছবিলৈকে ভাৰতীয় চলচ্চিত্ৰই ভাষাগত দিশৰ পৰা ওপৰলৈ উঠি জনসাধাৰণৰ অন্তৰত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।