ভাৰতীয় খাদ্য নিগমৰ বাবে ১০,৭০০ কোটি টকাৰ ইকুইটি বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় চৰকাৰেৰ ভাৰতীয় খাদ্য নিগমৰ বাবে দহ হাজাৰ ৭০০ কোটি টকাৰ ইক্যুইটি বিনিয়োগ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ভাৰতীয় খাদ্য নিগমে খাদ্য ক্ৰয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু কেবিনেটে খাদ্য নিগমক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কেবিনেটৰ সিদ্ধান্তক ভাৰতীয় খাদ্য নিগমৰ সঞ্চালন সামর্থ্য বৃদ্ধিৰ বাবে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। এই বিনিয়োগৰ ফলত চৰকাৰৰ ওপৰত পৰা সূত আৰু ৰেহাইৰ বোজা হ্ৰাস পাব। ভাৰতীয় খাদ্য নিগমে ন্যূনতম সমৰ্থনমূল্যত খাদ্য সামগ্ৰীৰ ক্ৰয় কৰি, ভাণ্ডাৰ বৰ্তাই ৰাখি আৰু বজাৰত খাদ্য সামগ্ৰীৰ মূল্য সুস্থিৰ কৰি ৰাখি খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।