ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান জনাইছে। কলকাতা নাইট ৰাইদাৰ্ছ দলে যোৱামাহত হোৱা খেলুৱৈৰ নিলামীৰ সময়ত চেন্নাই ছুপাৰ কিংছ আৰু ডেলহি কেপিটেলছৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ অন্তত ৩০ বছৰীয়া বাওহতীয়া খেলুৱৈগৰাকীক ৯ কোটি ২০ লাখ টকাত দলত অন্তর্ভুক্ত কৰিবলৈ সমৰ্থ হৈছিল। বিচিচিআইৰ সচিব দেৱজীত শইকীয়া কৈছে যে, কলকাতা দলে মুস্তাফিজুৰ ৰহমানৰ ঠাইত প্রয়োজন হ’লে আন এগৰাকী খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব পাৰিব। বাংলাদেশত এগৰাকী হিন্দু যুৱকক হত্যাৰ পাছত আই পি এল প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা ৰহমানক বাৰণ কৰাৰ বাবে কলকাতা নাইট ৰাইদাৰ ওপৰত হেঁচা বৃদ্ধি পাইছিল। ৰহমানে ২০১৬ চনৰ পৰা এতিয়ালৈকে আই পি এলৰ ৮টা সংস্কৰণত ভাগ লৈছে। খেলুৱৈগৰাকীয়ে কেৱল ২০১৯ আৰু ২০২০ চনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল।
Site Admin | January 3, 2026 6:35 PM | Akashvani | Akashvani News | BCCI
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান