ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ঐতিহাসিক ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰলৈ আদৰণি জনাইছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ শ্ৰীকীৰৰ সৈতে কাইলৈ হ’বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ’ব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে মুম্বাইত হ’বলগীয়া ষষ্ঠ গোলকীয় বিত্ত প্রযুক্তি মহোৎসৱত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।