ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 2, 2025 7:52 PM | Prez

printer

ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত ৰাষ্ট্ৰপতিৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে পুৰুষ আৰু মহিলা উভয়ৰে সমানে দায়বদ্ধতা থকা বুলি উল্লেখ কৰি তেওঁ মহিলাৰ শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। হৰিদ্বাৰৰ পতঞ্জলি বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে মিলিজুলি আগবাঢ়িবলৈ আহ্বান জনায়। সামৰোহত ভাষণ দি মানৱ সংস্কৃতিৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ পুৰোধা ব্যক্তিসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে তেওঁ মুনিসকলৰ শ্ৰেষ্ঠ মহর্ষি পতঞ্জলিৰ অৱদানৰ বিষয়েও ব্যাখ্যা কৰে ।
ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনত ৰাজপুৰ ৰোডত এখন ফুট অভাৰ ব্ৰীজ মুকলি কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৰাজ্যপাল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামি উপস্থিত থাকে। আজি সন্ধিয়াৰ ভাগত তেওঁ ৰাষ্ট্ৰপতি নিকেতনত আয়োজিত আন্তৰাষ্ট্ৰীয় সাহিত্য, সংস্কৃতি আৰু কলা মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে ডেৰাড়ুনত অৱস্থিত বিধানসভাৰ প্রেক্ষাগৃহত ভাষণ দিব। তেওঁ লগতে নাইনিটালত ৰাজভবন স্থাপনৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। পৰহিলৈ ৰাষ্ট্ৰপতি মুর্মুৱে কেইঞ্চিধামত নিম কৰোলি বাবা আশ্ৰম পৰিদৰ্শন কৰিব। পাছত তেওঁ নাইনিটালৰ কুমাও বিশ্ববিদ্যালয়ৰ কুৰি সংখ্যক সমাৱৰ্তন সমাৰোহত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।