২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। শ্ৰীবিৰলাই এই ৰাষ্ট্ৰীয় আকাংক্ষা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে উন্নয়নৰ স্থায়ী আৰু সৰ্বাত্মক আৰ্হি আঁকোৱালি ল’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পি এইচ ডি বাণিজ্য আৰু উদ্যোগ সংঘৰ ১২০ সংখ্যক বার্ষিকী উপলক্ষে কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্রীবিলাই এইদৰে প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়, যে চৰকাৰৰ উন্নয়নমুখী নীতিসমূহে উদ্যোগ জগতক নতুন শক্তি প্ৰদান কৰিছে। বৰ্তমানৰ যুগ অর্থনৈতিক সবলীকৰণ আৰু উদ্ভাৱণৰ যুগ বুলি তেওঁ মন্তব্য কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিশদ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়, যে বৰ্তমানৰ দেশৰ ব্যৱসায় নীতি আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ আছে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় পৰ্যায়ত ভাৰতৰ বৰ্ধিত মৰ্যাদাৰ কথা প্ৰতিফলতি হোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয়, যে ঔদ্যোগিক নীতিসমূহৰ সৰলীকৰণ, স্বচ্ছ আৰু বিনিয়োগ অনুকূল কৰ ব্যৱস্থা আৰু একে ঠাইত সকলো ধৰণৰ অনুমোদন প্রদানৰ ছিংগল উইণ্ডো ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত দেশত উদ্যমশীলতাৰ ভাৱনা বৃদ্ধি পাইছে। মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, গতিশক্তি আৰু বৈদ্যুতিন আহিলাপাতি নিৰ্মান গোটৰ বিকাশৰ দৰে ধবজাবাহী কাৰ্যসূচীসমূহে সমগ্ৰ দেশত ঔদ্যোগিক আৰু বাণিজ্যিক আন্তঃগাঁথনি সুদৃঢ় কৰি তুলিছে।
Site Admin | April 17, 2025 10:05 AM | Om Birla
ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ওম বিৰলা
