ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণৰ আহ্বান

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ হকে আহ্বান জনাইছে। ভূপালত আজি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সমাজৰ কল্যাণৰ বাবে বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ব্যৱহাৰ হোৱা উচিত। নৱীকৰণ যোগ্য শক্তিক সময়ৰ আহ্বান বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এই শক্তি মজুত কৰি ৰাখিব পৰা বেটাৰী আৰু অন্য সম্পদ নিৰ্মাণ কৰাৰ কামত ব্ৰতী হ’বলৈ আহ্বান জনায়। তেওঁ লগতে জটিল ৰসায়নৰ মাজেৰে দেশৰ শক্তি আৱশ্যকতা পূৰ্ণৰ বাবে চেষ্টা চলাবলৈও আহ্বান জনায়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱ অনুষ্ঠানত উপস্থিত থাকে।