ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ’ব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ প্ৰকাশ

ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ’ব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। তেওঁ কালি উত্তৰাখণ্ডৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, যে দেশৰ এই যাত্ৰাত ৰাজ্যখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাজ্যখনৰ নবীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, আয়ুষ, পর্যটন, ষ্টার্টআপ আৰু দক্ষতা বিকাশৰ বিষয়েও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ নেতৃত্বত উত্তৰাখণ্ডত যথেষ্ট উন্নয়ন হৈছে বুলি উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে মন্তব্য কৰে। এইক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত মত প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ গুৰুত্ব অপাৰ। তেওঁ সংবাদ মাধ্যমৰ ইতিবাচক আৰু উন্নয়নমূলক পদক্ষেপসমূহক প্রাধান্য দি যুৱক-যুৱতীসকলৰ মাজত যোগাত্মাক চিন্তাধাৰা শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰাখণ্ডত বিগত দশকত পথ, ৰে’ল সেৱা, বিমান আৰু যোগাযোগৰ ক্ষেত্ৰত বহু উন্নয়ন হৈছে বুলিও তেওঁ মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নত গুৰুত্ব দিয়াটো দূৰদৰ্শী কাৰ্য বুলি উল্লেখ কৰে ৷